প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ তাৰিখে ভাৰতত শিক্ষক দিৱস পালন কৰি অহা হৈছে। এই দিনটো ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি লগতে মহান পণ্ডিত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম জয়ন্তী উপলক্ষে উদযাপন কৰা হয়। সকলো শিক্ষা গুৰুৰ কঠোৰ পৰিশ্ৰম আৰু মহানতাক এই দিনটোত সন্মান জনোৱা হয়। এই চেগতে মইও মোৰ জীৱন পোহৰোৱা, মোক মই হিচাপে গঢ় দিয়া মা দেউতা ৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক স্মৰণ কৰি প্ৰণাম জনাই শিক্ষক দিৱসৰ শুভ কামনা জনালোঁ। Happy teacher's day to all my mentor 🙏
আমাৰ জীৱনৰ আদি পাঠ ঘৰতে মা দেউতাৰ মৰম, অনুশাসন পৰাই আৰম্ভণি। মা দেউতাক অনুসৰণ কৰিয়ে আমাৰ জীৱনৰ প্ৰথম খোজ এই পৃথিৱীত। সেই যে আৰম্ভনি সময় চোৱাত নিজৰ ঘৰ খনত আমি অনুসৰণ কৰি কৰিয়ে শিকো, সেই শিক্ষাইও কিন্তু জীৱন যুদ্ধত বহু পৰিমাণে সহায়ক হয়। আমাক সমাজত চলিবলৈ নীতি নিয়ম ,আচাৰ ব্যৱহাৰ সকলো খিনিয়ে আমাক ঘৰ খনেই শিকায়।
তাৰ পিছত আহে আমাৰ শিক্ষাগুৰু সকল, যিয়ে আমাক আনুষ্ঠানিক শিক্ষা জগতখন পৰিচয় কৰাই দিয়ে।শিক্ষক সকল সদায় আমাৰ আদৰ্শ আৰু পথ প্ৰদৰ্শক। সকলো বিষয়ক শিক্ষা, নৈতিক মূল্যবোধ আৰু অনুশাসন প্ৰদান কৰি আমাৰ ভুলবোৰ সংশোধন কৰাত সহায় কৰে। শিক্ষক সকলেই শিক্ষাৰ্থীৰ ভেটি শক্তিশালী কৰি সমাজত আদৰ্শ ব্যক্তি হিচাপে গঢ় দিয়ে,আৰু ভৱিষ্যতে সফলতাৰ চিৰিখন বগাবলে প্ৰস্তুত কৰি তোলে। সেয়েহে প্ৰতিজন শিক্ষকেই শিক্ষাৰ্থীসকলৰ জীৱনত এক গুৰুত্পূৰ্ণ ভূমিকা পালন কৰি আহিছে।
এই সকলোবোৰ অবদান নিস্বাৰ্থ ভাবে আগ বঢ়োৱা ৰ বাবে শিক্ষা গুৰু সকল সদায় সন্মান ৰ পাত্ৰ। সেয়েহে আজিৰ দিনটোতে সৰ্বেপল্লি ৰাধা কৃষ্ণনৰ আদৰ্শক সুৱৰি ভাৰতৰ সকলো ঠাইতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষা গুৰু সকলক সন্মান প্ৰদৰ্শন কৰে।
যিহেতু মইও বিদ্যালয়ত কৰ্মৰত মই মোৰ শিক্ষা গুৰু সকলৰ দেখুওৱা পথেৰেই আগুৱাবলৈ চেষ্টা কৰি আছোঁ, আৰু চেষ্টা কৰিম ছাত্ৰ ছাত্ৰী সকলে যাতে এটি শুদ্ধ পথেৰে শৈক্ষিক ক্ষেত্ৰ খনত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে।
নিহাৰীকা কলিতা
শিক্ষয়িত্ৰী
মহৰ্ষি বিদ্যা মন্দিৰ
Comments