top of page
Search

জোনবাইৰ বুকুত চন্দ্ৰযান-৩!

  • Writer: DA Network Asom
    DA Network Asom
  • Aug 24, 2023
  • 1 min read

Updated: Aug 29, 2023



সফল হ'ল ভাৰতৰ চন্দ্ৰ অভিযান! জোনবাইৰ দেশত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ। সন্ধিয়া ৬ বাজি ০৪ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ চন্দ্ৰযান-৩ ৰ। ইয়াৰ লগে লগে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হ’ল ভাৰত। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে সফলতাৰে অৱতৰণ কৰে চন্দ্ৰত। অৱতৰণৰ প্ৰাকমুহূৰ্তত চন্দ্ৰযানৰ ওপৰত ইছৰোৰ কোনো নিয়ন্ত্ৰণ নাছিল যদিও ই নিজেই যাত্ৰা কৰি জোনবাইৰ বুকুত পদাৰ্পণ কৰে। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থ খন দেশ হল ভাৰত। ইয়াৰ পূৰ্বে চন্দ্ৰত চফ্ট লেণ্ডিং কৰিছিল ৰাছিয়া, আমেৰিকা আৰু চীনে। ভাৰতৰ এয়া তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩। ১৪ জুলাইত উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-৩। তাৰ পাছতে আজি ইয়াৰ সফল অৱতৰণ হয়। ২০০৮ চনত ভাৰতে প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল চন্দ্ৰ অভিযান। ২০০৮ ৰ চন্দ্ৰযান-১ য়ে চন্দ্ৰপৃষ্ঠত আৱিষ্কাৰ কৰিছিল পানী। ২০১৯ চনত ভাৰতে আৰম্ভ কৰিছিল দ্বিতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান-২। তাৰপাছতে ২০২৩ ত ভাৰতে আৰম্ভ কৰিছিল তৃতীয়টো চন্দ্ৰ অভিযান। তৃতীয় অভিযানত অতি কম টকা ব্যয়ৰে ইছৰোই সফল কৰে এই চন্দ্ৰ অভিযান। এই সফলতা ভাৰতৰ মহাকাশ উদ্যোগৰ বাবে এক বৃহৎ প্ৰাপ্তি। ISRO ৰ এই সফল অভিযানে মহাকাশ শক্তি হিচাপে ভাৰতক শক্তিশালী কৰাৰ লগতে ভৱিষ্যতৰ চন্দ্ৰ অভিযানৰ ওপৰতো প্ৰভাৱ পেলাব। ২০০৮ ৰ চন্দ্ৰযান-১ য়ে চন্দ্ৰত পানীৰ অৱস্থিতি ধৰা পেলাইছিল। এইবাৰ চন্দ্ৰযান ৩ য়ে আৰু নতুন নতুন তথ্য দিব ভাৰতক।

ISRO ৰ এই অভূতপূৰ্ব সফলতাত উৎফুল্লিত দেশবাসী। জোনবাইৰ বুকুত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণৰ পাছতে দেশজুৰি উছাহৰ জোৱাৰ। চন্দ্ৰ অভিযানৰ সফলতাৰ বাবে ISROক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জোহান্সবাৰ্গৰ পৰা প্ৰধানমন্ত্ৰীৰ সম্বোধন।।

ree

 
 
 

Comments


Post: Blog2_Post
bottom of page