প্ৰতিজন শিক্ষাগুৰু একোজন নমস্য ব্যক্তি...
- DA Network Asom
- Sep 5, 2023
- 2 min read

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণে শিক্ষক সকলক বৰ ভাল পাইছিল আৰু ভক্তি কৰিছিল । সেইবাবে তেখেতৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হয় । শিক্ষক বুলিলেই আমাৰ সকলোৰে মনত এটা ভয় ভাব লগতে ভক্তি ভাব আপোনাআপুনি আহিয়েই যায় । কিন্ত্ত বৰ দুখৰ বিষয় যে আগৰ দিনৰ শিক্ষক আৰু আজিৰ দিনৰ শিক্ষকৰ মাজত এক আকাশ-পাতাল পাৰ্থক্য আহি পৰিছে । শিক্ষকৰ বৃত্তিক আগৰ দিনত শিক্ষক সকলে মনে-প্ৰাণে পালন কৰিছিলে । নিয়মানুবৰ্তিতা,শিষ্টাচাৰ, নম্ৰ আচৰণ, গুৰুগম্ভীৰ খোজ-কাটল , ছাত্ৰ ছাত্ৰীৰ প্ৰতি সৎ ব্যৱহাৰ, মৰম , পঢ়োৱাৰ প্ৰতি ধাউতি , মনোগ্ৰাহী পঠন এই সকলোবোৰ গুণ আগৰ দিনৰ শিক্ষকৰ গাত বিদ্যমান আছিল যাৰফলত সেই সময়ত শিক্ষক সকলক দেখিলেই সকলোৰে অন্তৰত শ্ৰদ্ধা ওপজে । কিন্ত্ত সমাজ পৰিবৰ্তনৰ লগে লগে বৰ দুখ লগাকৈ আজিৰ শিক্ষক সমাজৰ বহু জন শিক্ষক হৈ থকা নাই। বেয়া লাগে দুই চাৰিজন শিক্ষকৰ ওপৰুক্ত গুণ বোৰৰ এটাও গাত নথকাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ শিক্ষক সমাজ আজি যেন কলংকিত হৈ পৰিছে । প্ৰায়ে আজিকালি চচিয়েল মেডিয়াত দেখা যায় বিদ্যালয় কিছুমানত হৈ থকা অসামাজিক কাম বোৰ । যিবোৰ দেখি শুনি চকু কপালত উঠে । ব্যক্তিগত বিদ্যালয় সমূহত খুব কম এইবোৰ দেখা যায় যদিও চৰকাৰী বহু বিদ্যালয়ৰ শিক্ষক বহুতেই মাহৰ দৰমহাটো এনেয়ে খাই থকা যেন হে লাগে । পাঠ্যক্ৰমৰ পাঠ সমূহ তেওঁলোকৰ নিজৰে আয়ত্বত নাথাকে । সাধাৰণজ্ঞানৰ সম্যক জ্ঞান নথকা শিক্ষকো আমাৰ সমাজত বিদ্যমান। আচৰিত কথা তেনে শিক্ষকৰ তত্বাৱধানতে এখন এখন বিদ্যালয় চলি থাকে । বহু বিদ্যালয়ত বহু সময়ত কোনোবা ছাত্ৰ ছাত্ৰী এজনক পাঠদান কৰিবলৈ দি শিক্ষক জনে নিজেই এল আই চিৰ এজেন্টৰ কাম বা অন্য ব্যক্তিগত কাম কৰি ঘূৰি ফুৰে । সন্মান কিনা বস্তু নহয় । শিক্ষক এজনৰ প্ৰতিটো গুণ থকা ব্যক্তি এজনে ছাত্ৰ ছাত্ৰী বা অভিভাৱকৰ বা সমাজৰ আন লোক সকলৰ পৰা আপোনাআপুনি সন্মান পাবই । কিন্ত্ত সকলো শিক্ষক বেয়া বুলি ক'লে ভুল কৰা হ'ব । এতিয়াও আমাৰ সমাজত কিছু এনেকুৱা শিক্ষক আছে যিসকলে বিদ্যালয় খনক দ্বিতীয় ঘৰ বুলি জ্ঞান কৰে আৰু অন্তঃকৰণেৰে সময় দিয়ে । আজিৰ এই বিশেষ দিনটোত সকলো শিক্ষককে আন্তৰিক শ্ৰদ্ধা জনাইছো আৰু সন্মানীয় এই শিক্ষক পদৱীক কলুষিত নকৰিবলৈ আহ্বান জনাইছোঁ । আমি নিজেও ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত শিক্ষকৰ জীয়ৰী । দেউতাই শিক্ষকতা কৰাৰ দিনবোৰত কেনেকৈ মন-প্ৰাণ দি কৰ্তব্য কৰি গৈছিল সেই বোৰ সৰুৰে পৰা দেখি আহিছিলো । সেয়ে আজি কৰ্তব্যত ফাঁকি দিয়া শিক্ষক সকলক দেখিলে মনত বৰ দুখ পাওঁ । সমাজৰ সকলো শ্ৰেণীৰ কামৰ উৰ্ধত শিক্ষক সমাজ । শিক্ষকে মানুহ গঢ়ে । সেয়ে শিক্ষকৰ মনত কেৰোণ থাকিলে সমাজখনলৈ বিপদ অনিবাৰ্য। শিক্ষক এজন মানুহৰ গুণেৰে বিভুষিত হ'লেহে ছাত্ৰ ছাত্ৰীক মানুহ হিচাপে গঢ় দিব পাৰিব । সেই বিশ্বাস অভিভাৱক সকলৰ মনত আনিব পাৰিলেই শিক্ষক হিচাপে সম্পূৰ্ণ সফল হ'ল বুলি ক'ব পৰা যায় প্ৰকৃতাৰ্থত। বৰ্তমান এটা কথাই ভাল লাগিছে বৰ্তমানৰ শাসিত চৰকাৰখনে বাৰ্ষিক ফলাফলৰ ওপৰত ভিত্তি কৰি চৰকাৰী,বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰ ওপৰত কঠোৰ হৈ গঠনমূলক প্ৰচেষ্টা হাতত লৈছে । ই বৰ শুভ লক্ষণ। আজিৰ এই শিক্ষক দিৱসৰ দিনটোত প্ৰতিজন শিক্ষকলৈ আহ্বান জনাইছো দায়িত্বৰ প্ৰতি সজাগ হওঁক আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীক সন্তান যেন জ্ঞান কৰি প্ৰকৃত শিক্ষা দানেৰে মানুহ কৰিবলৈ আগ্ৰহী হওঁক যাতে প্ৰজন্মই প্ৰজন্মই আপোনাকে শ্ৰদ্ধাৰে গুৰু মানিবলৈ হৃদয়েৰে বিচাৰে । হে শিক্ষক আপুনি মহান । এখন শুদ্ধ তথা সজ সমাজৰ আপুনি পথ প্ৰদৰ্শক। আপোনাৰ কৰ্মেৰে আপুনি সদায় সমাজত জিলিকি থাকক ।

কৰিশ্মা বেগম
বিশিষ্ট লেখিকা
Comments